২০২০ বৰ্ষৰ আৰম্ভণিৰে পৰা সমগ্ৰ বিশ্বতে ক’ৰ’ণা ভাইৰাচ তথা ক’ভিড-১৯ মহামাৰী হিচাপে আতংকৰ সৃষ্টি কৰি আহিছে ৷ চীনৰ য়ুহান চহৰৰ পৰা বিয়পি পৰা এই ভাইৰাচ বিশ্বৰ কেইবাখনো দেশত সম্প্ৰতি মহামাৰী হিচাপে দেখা দিছে ৷ ৩০ জানুৱাৰী তাৰিখে কেৰেলাত ভাৰতৰ প্ৰথমজন ক’ৰ’নাত আক্ৰান্ত ৰোগী চিনাক্ত হয় ৷ তেওঁ য়ুহান চহৰৰ পৰা উভতি অহা ছাত্ৰ আছিল৷ ইয়াৰ পাছত তেনেকৈ বিভিন্ন ক’ৰনা আক্ৰান্ত দেশৰ পৰা পৰা উভতি অহা ভাৰতীয়ৰ গাত এই বেমাৰৰ লক্ষণ দেখা দিয়ে ৷ ভাৰত চৰকাৰে ফেব্ৰুৱাৰী মাজভাগৰ পৰা কিছু পদক্ষেপ লয় যদিও ই যথেষ্ট নাছিল ৷ প্ৰথম অৱস্থাত চৰকাৰে এয়াৰপৰ্ট আৰু ৰেলৱে ষ্টেছনত থাৰ্মেল স্ক্ৰীণিংৰ ব্যৱস্থা কৰিছিল, কিন্তু এই ব্যৱস্থাত বিশেষ সফল হ’ব নোৱাৰিলে ৷ ১৫ মাৰ্চত ইয়াৰ সংখ্যা ১০০ জনৰ পৰা বৃদ্ধি পাই মাত্ৰ ১৫ দিনৰ ভিতৰত ১০০০ৰো অধিক লোক আক্ৰান্ত হয় ৷ মাৰ্চ মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰে সাতটা মন্ত্ৰালয়ৰ সহযোগত ক’ৰনাৰ বিপক্ষে এক সন্মিলিত কাৰ্যসূচীৰ ঘোষণা কৰে ৷ ২২ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশযোৰা ১৪ ঘণ্টীয়া জনতাৰ কাৰ্ফিউৰ আহ্বান জনাই ৷ তেওঁৰ আহ্বানৰ প্ৰতি সমগ্ৰ দেশবাসীয়ে সহাৰি জনাই, কিন্তু ইতিমধ্যে দেশত আক্ৰান্তৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পায় ৷ ২৪ মাৰ্চত দেশবাসীক উদ্দেশি দিয়া ভাষণত তেখেতে চৰকাৰৰ ২১ দিনীয়া লকডাউন কাৰ্যসূচীৰ ঘোষণা কৰে ৷ কিন্তু যোৱা ১৪ এপ্ৰিলত চৰকাৰে এই লকডাউন কাৰ্যসূচী ৩ মে’লৈকে বৃদ্ধি কৰে ৷ ইতিমধ্যে দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩০ হাজাৰৰো অধিক আৰু মৃত্যুৰ সংখ্যাৰ হাজাৰৰো অধিক হ’লেও বিশেষজ্ঞসকলৰে মতে লকডাউনৰ প্ৰভাৱত ভাৰতে আক্ৰান্তৰ পৰিমাণ কিছু পৰিমাণেও হ’লেও কম কৰিবলৈ সক্ষম হৈছে ৷ এতিয়াও দেশৰ কিছু অঞ্চলৰ ক’ৰ’না আক্ৰান্তৰ সংখ্যাক চাই তেনে অঞ্চলৰ লকডাউন বৃদ্ধিৰ আশংকা নুই কৰিব নোৱাৰি ৷
সমগ্ৰ দেশৰ জনতা ২৪ মাৰ্চৰ পৰা লকডাউনৰ মাজত আছে ৷ বহু স্কুল-কলেজ তাৰ আগৰে পৰা বন্ধ হৈ থকাত ছাত্ৰ-ছাত্ৰীসকল আৰু আগৰে পৰা ঘৰতে আবদ্ধ হৈ আছে ৷ ইমানদিনে ঘৰতে আবদ্ধ হৈ থকাটো সকলোৰে পক্ষে সহজ নহয় ৷ গ্ৰামাঞ্চলতকৈ চহৰাঞ্চলত হয়তো এই পৰিবেশ অলপ হ’লেও দিগদাৰ ৷ বহুক্ষেত্ৰত বহুলোকে লকডাউন উলংঘা কৰি আহিছে, কিন্তু চৰকাৰৰ কঠোৰ পদক্ষেপত এই সংখ্যা বহু পৰিমাণে কমি আছে ৷ এই ক্ষেত্ৰত ৰাজ্যসমূহৰ শিক্ষাবিভাগ তথা মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ পদক্ষেপ শলাবলগীয়া ৷ সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে, তাৰ বাবে অনলাইন শিক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰগন কৰিছে ৷ ইতিমধ্যে প্ৰায় সকলো কলেজ-বিশ্ববিদ্যালয়ৰ পৰা অনলাইন শিক্ষাৰ জৰিয়তে দৈনিক পাঠ্যক্ৰম চলি থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক কিছু পৰিমাণে হ’লেও ব্যস্ত কৰি ৰাখিব পাৰিছে ৷ তাৰ উপৰিও বিভিন্ন অনলাইন পাঠ্যক্ৰমৰ প্লেটফ’ৰ্ম Byju’s, Udemy আদিয়ে বিভিন্ন পাঠ্যক্ৰমৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰ জৰিয়তে ছাত্ৰ-ছা্ত্ৰীসকলে নতুন কৌশল অথবা নতুন পাঠ্যক্ৰম শিকি লোৱাৰ সুযোগ নিশ্চয় এৰি দিব নালাগে ৷
এই বন্ধৰ সময়ছোৱাত সকলোৱে নিজকে মানসিকভাৱে শক্তিশালী কৰি ৰখাটো খুবাই জৰুৰী ৷ ইয়াৰ বাবে সকলোৱে নিজে কৰি ভালপোৱা কাম তথা হ’বীৰ মাজতে আবদ্ধ কৰি ৰাখিব পাৰে ৷ বহুতে ফেচবুকত নিজে বনোৱা খাদ্যৰ ফটো দিছে, নতুবা নতুন নতুন ৰেচিপি শিকি বনাব বিচাৰিছে ৷ ইয়াৰ মাজেৰেই যদি তেওঁ নিজকে ব্যস্ত ৰখাত সফল হৈছে বা নিজকে মানসিকভাৱে সৱল কৰি ৰাখিব পাৰিছে, তেতিয়াহ’লে তেওঁক সমালোচনা কৰাৰ যুক্তি নাই ৷ কাৰোবাৰ বাবে হয়তো ফুলনি বাগিচা কৰাৰ হেপাহ, কিন্তু সময়ত অভাৱৰ বাবে কৰিব পৰা নাছিল ৷ এতিয়া বন্ধৰ সময়ছোৱাত এই অভ্যাস পুৰণ কৰিব পাৰে ৷ বহু নৱ প্ৰজন্ময়ে ৱেব চিৰিজ চাই ভাল পায় ৷ এই সময়চোৱাত Netflix, Hotstar, Voot, Zee5 আদিয়ে বিভিন্ন নতুন নতুন ৱেব চিৰিজ লৈ আহিছে ৷ Panchayat, Special Ops, Asur, She আদি বহু সংখ্যক চিৰিজ উল্লেখযোগ্য ৷ কিতাপ পঢ়ি ভালপোৱাসকলেও বিভিন্ন ধৰণৰ অনলাইন আলোচনী, ডিজিটেল লাইব্ৰেৰীৰ সদব্যৱহাৰ কৰিব পাৰে ৷ এইসমূহৰ মাজেৰেও বহু সংখ্যকে সময় অতিবাহিত কৰিব পাৰে ৷ অৱশ্যে নিজৰ স্বাস্থ্যৰ প্ৰতিও ধ্যান দিয়াটো খুবেই জৰুৰী ৷ ঘৰৰ ভিতৰতে সকলোৱে দৈনিক কিছু সময়ৰ বাবে হ’লেও যোগ অথবা ব্যায়াম কৰি নিজকে অৱসাদৰ পৰা মুক্ত কৰি ৰাখিব পাৰে ৷
ক’ৰ’না ভাইৰাচ তথা ক’ভিড-১৯ ৰ প্ৰতিষেদকৰ ওপৰত সমগ্ৰ বিশ্বতে গৱেষণা চলি আছে ৷ তথাপিও এই প্ৰতিষেদক সাধাৰণ মানুহৰ বাবে মুকলি কৰালৈকে কিশু সময়ৰ দৰকাৰ হ’ব পাৰে ৷ তেতিয়ালৈকে আমাৰ বাবে সামাজি দূৰত্ব তথা লকডাউন একমাত্ৰ উপায় ৷ সকলোৱে চিকিৎসক সকলৰ পৰামৰ্শ অনুযায়ী চাফ-চিকুনতাৰ মাজেৰে থকাটো জৰুৰী ৷ লকডাউন খুলিলেও হয়তো আমাৰ বাবে পৃথিৱীখন এখন নতুন পৃথিৱী হিচাপে দেখা দিব য’ত সামাজিক দূৰত্ব বজাই ৰখাটোৱে সমাজ ধৰি ৰখাৰ উপায় হ’ব!
-নয়ন জ্যোতি কলিতা,
প্ৰতিষ্ঠাপক, সন্ধান ফাউণ্ডেছন