কাজিৰঙাত গঁড় হত্যা নতুন ঘটনা নহয় যদিও যোৱা দুই-তিনি বছৰত তাৰ মাত্ৰা বাঢ়ি গৈছে ৷ বহু প্ৰতিবাদ হৈছে কিন্তু এটা দীৰ্ঘম্যাদী আঁচনিয়েহে গঁড় হত্যা বন্ধ কৰিব পাৰিব ৷ কেৱল বন-বিভাগকে দোষ দি থাকিলেই নহ’ব ৷ কাজিৰঙাৰ লগত পৰ্যটন বিভাগ পোনপটীয়াকৈ জড়িত ৷ এই বিভাগটোৰো যথেষ্ট দায়িত্ব আছে ৷ বন বিভাগতকৈ স্থানীয় ৰাইজ কাজিৰঙাৰ বনজ সম্পদ আৰু বন্যপ্ৰাণী ৰক্ষাত বেছি তৎপৰ ৷ বহু তিতা-কেঁহাৰ মাজেৰে তেওঁলোকে কাজিৰঙাৰ ঐতিহ্য ৰক্ষাৰ বাবে সদায় চেষ্টা কৰি আহিছে ৷ কিন্তু পৰ্যটন উদ্যোগৰ পৰা স্থানীয় ৰাইজ বিশেষ লাভান্বিত হোৱা নাই ৷ পুঁজিপতি বণিকসকলহে কাজিৰঙাৰ পৰা লাভান্বিত হৈ আহিছে ৷ যেতিয়ালৈকে স্থানীয় ৰাইজ পৰ্যটন উদ্যোগৰ দ্বাৰা লাভান্বিত নহয়, তেতিয়ালৈকে সকলো আঁচনি ফুটুকাৰ ফেন ৷ এইক্ষেত্ৰত (Community based Eco-tourism) স্থানীয়লোকৰ দ্বাৰা পৰিচালিত পৰিবেশ পৰ্যটনে এটা আমূল পৰিবৰ্তন আনিব পাৰে ৷ ইয়াৰ দ্বাৰা ভিতৰুৱা গাওঁবোৰৰ শিক্ষিত-অশিক্ষিত সকলো মানুহ গোটেই আন্দোলনটোত জড়িত হৈ পৰিব আৰু চোৰাং চিকাৰীবোৰেও আসৈ নাপাব ৷ আৰ্থিকভাৱে লাভান্বিত হ’লেহে সজাগতা আহিব আৰু অশুভ শক্তিবোৰৰ অন্ত পৰিব ৷ এইক্ষেত্ৰত চৰকাৰ আৰু স্বেচ্ছাসেৱী সংগঠনবোৰে চিন্তা কৰিব লাগিব ৷ অন্যথা গঁড় বা অন্য বনজ সম্পদ আৰু বন্যপ্ৰাণী নিধন চলিয়েই থাকিল ৷ বনৰক্ষী, বন্দুক, মানৱবিহীন হেলিকপ্টাৰ, বন্ধ, প্ৰতিবাদ, পথ অৱৰোধ আদিয়ে কিবা পৰিৱৰ্তন আনিব বুলি মনে নধৰে ৷ স্থানীয় ৰাইজক পৰ্যটন উদ্যোগৰ লগত পোনপটীয়াকৈ জড়িত কৰিব পাৰিলেহে এনে সমস্যাবোৰৰ অন্ত পৰিব ৷ কেৱল কাজিৰঙাতে কিয়, অসমৰ সকলো পৰ্যটন কেন্দ্ৰত এই ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে ৷ ইয়াৰ দ্বাৰা স্থানীয় মানুহখিনি আৰ্থিকভাৱে লাভান্বিত হ’ব আৰু পৰিবেশৰ ওপৰতো কুপ্ৰভাৱ নপৰিব ৷ এইক্ষেত্ৰত বিশেষ আন্ত:গাঁথনিৰো প্ৰয়োজন নাই ৷
বিজিত দত্ত,
যোৰহাট